節 :
20
كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ
কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;
節 :
21
وَتَذَرُونَ ٱلۡأٓخِرَةَ
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
節 :
22
وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
節 :
23
إِلَىٰ رَبِّهَا نَاظِرَةٞ
সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
節 :
24
وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ
আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
節 :
25
تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ
সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
節 :
26
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ
নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,
節 :
27
وَقِيلَ مَنۡۜ رَاقٖ
আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
節 :
28
وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ
তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
節 :
29
وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
節 :
30
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ
সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
節 :
31
فَلَا صَدَّقَ وَلَا صَلَّىٰ
কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
節 :
32
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
節 :
33
ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ
তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
節 :
34
أَوۡلَىٰ لَكَ فَأَوۡلَىٰ
দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
節 :
35
ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ
আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
節 :
36
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى
মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
節 :
37
أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ
সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
節 :
38
ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ
তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
節 :
39
فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।
節 :
40
أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ
সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?