節 :
18
إِنَّهُۥ فَكَّرَ وَقَدَّرَ
নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
節 :
19
فَقُتِلَ كَيۡفَ قَدَّرَ
এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
節 :
20
ثُمَّ قُتِلَ كَيۡفَ قَدَّرَ
আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
節 :
21
ثُمَّ نَظَرَ
তাৰ পিছত সি লক্ষ্য কৰিলে।
節 :
22
ثُمَّ عَبَسَ وَبَسَرَ
তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
節 :
23
ثُمَّ أَدۡبَرَ وَٱسۡتَكۡبَرَ
তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
節 :
24
فَقَالَ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ يُؤۡثَرُ
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,
節 :
25
إِنۡ هَٰذَآ إِلَّا قَوۡلُ ٱلۡبَشَرِ
‘এয়াতো মানুহৰেই কথা’।
節 :
26
سَأُصۡلِيهِ سَقَرَ
অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
節 :
27
وَمَآ أَدۡرَىٰكَ مَا سَقَرُ
আৰু কিহে তোমাক জনাব ছাক্বাৰ কি?
節 :
28
لَا تُبۡقِي وَلَا تَذَرُ
ই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।
節 :
29
لَوَّاحَةٞ لِّلۡبَشَرِ
ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
節 :
30
عَلَيۡهَا تِسۡعَةَ عَشَرَ
ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
節 :
31
وَمَا جَعَلۡنَآ أَصۡحَٰبَ ٱلنَّارِ إِلَّا مَلَٰٓئِكَةٗۖ وَمَا جَعَلۡنَا عِدَّتَهُمۡ إِلَّا فِتۡنَةٗ لِّلَّذِينَ كَفَرُواْ لِيَسۡتَيۡقِنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ وَيَزۡدَادَ ٱلَّذِينَ ءَامَنُوٓاْ إِيمَٰنٗا وَلَا يَرۡتَابَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ وَٱلۡمُؤۡمِنُونَ وَلِيَقُولَ ٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ وَٱلۡكَٰفِرُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَٰذَا مَثَلٗاۚ كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهۡدِي مَن يَشَآءُۚ وَمَا يَعۡلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَۚ وَمَا هِيَ إِلَّا ذِكۡرَىٰ لِلۡبَشَرِ
আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
節 :
32
كَلَّا وَٱلۡقَمَرِ
কেতিয়াও নহয়, চন্দ্ৰৰ শপত,
節 :
33
وَٱلَّيۡلِ إِذۡ أَدۡبَرَ
শপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,
節 :
34
وَٱلصُّبۡحِ إِذَآ أَسۡفَرَ
প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-
節 :
35
إِنَّهَا لَإِحۡدَى ٱلۡكُبَرِ
নিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,
節 :
36
نَذِيرٗا لِّلۡبَشَرِ
মানুহৰ বাবে সতৰ্ককাৰী-
節 :
37
لِمَن شَآءَ مِنكُمۡ أَن يَتَقَدَّمَ أَوۡ يَتَأَخَّرَ
তোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
節 :
38
كُلُّ نَفۡسِۭ بِمَا كَسَبَتۡ رَهِينَةٌ
প্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,
節 :
39
إِلَّآ أَصۡحَٰبَ ٱلۡيَمِينِ
কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,
節 :
40
فِي جَنَّٰتٖ يَتَسَآءَلُونَ
জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,
節 :
41
عَنِ ٱلۡمُجۡرِمِينَ
অপৰাধীবিলাকৰ বিষয়ে,
節 :
42
مَا سَلَكَكُمۡ فِي سَقَرَ
কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?
節 :
43
قَالُواْ لَمۡ نَكُ مِنَ ٱلۡمُصَلِّينَ
সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,
節 :
44
وَلَمۡ نَكُ نُطۡعِمُ ٱلۡمِسۡكِينَ
‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,
節 :
45
وَكُنَّا نَخُوضُ مَعَ ٱلۡخَآئِضِينَ
লগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।
節 :
46
وَكُنَّا نُكَذِّبُ بِيَوۡمِ ٱلدِّينِ
আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,
節 :
47
حَتَّىٰٓ أَتَىٰنَا ٱلۡيَقِينُ
অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।