段 :
1
وَٱلتِّينِ وَٱلزَّيۡتُونِ
শপত তীন আৰু যায়তুনৰ,
段 :
2
وَطُورِ سِينِينَ
শপত চিনাই পৰ্বতৰ,
段 :
3
وَهَٰذَا ٱلۡبَلَدِ ٱلۡأَمِينِ
শপত এই নিৰাপদ (মক্কা) নগৰৰ,
段 :
4
لَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ فِيٓ أَحۡسَنِ تَقۡوِيمٖ
নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছোঁ,
段 :
5
ثُمَّ رَدَدۡنَٰهُ أَسۡفَلَ سَٰفِلِينَ
তাৰ পিছত আমি তাক হীনতাৰ একেবাৰে নিম্ন স্তৰত ওভতাই দিছোঁ,
段 :
6
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ فَلَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونٖ
কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।
段 :
7
فَمَا يُكَذِّبُكَ بَعۡدُ بِٱلدِّينِ
এতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?
段 :
8
أَلَيۡسَ ٱللَّهُ بِأَحۡكَمِ ٱلۡحَٰكِمِينَ
আল্লাহেই বিচাৰকসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ বিচাৰক নহয়নে বাৰু?