段 :
17
فَكَانَ عَٰقِبَتَهُمَآ أَنَّهُمَا فِي ٱلنَّارِ خَٰلِدَيۡنِ فِيهَاۚ وَذَٰلِكَ جَزَٰٓؤُاْ ٱلظَّٰلِمِينَ
ফলত সিহঁত উভয়ৰে পৰিণাম হ’ব জাহান্নাম; তাত সিহঁত চিৰস্থায়ী হ’ব আৰু এইটোৱে হৈছে যালিমসকলৰ প্ৰতিদান।
段 :
18
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَلۡتَنظُرۡ نَفۡسٞ مَّا قَدَّمَتۡ لِغَدٖۖ وَٱتَّقُواْ ٱللَّهَۚ إِنَّ ٱللَّهَ خَبِيرُۢ بِمَا تَعۡمَلُونَ
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে, অহাকালিৰ বাবে সি কি প্ৰেৰণ কৰিছে; লগতে তোমালোকে আল্লাহক ভয় কৰা; তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত।
段 :
19
وَلَا تَكُونُواْ كَٱلَّذِينَ نَسُواْ ٱللَّهَ فَأَنسَىٰهُمۡ أَنفُسَهُمۡۚ أُوْلَٰٓئِكَ هُمُ ٱلۡفَٰسِقُونَ
তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।
段 :
20
لَا يَسۡتَوِيٓ أَصۡحَٰبُ ٱلنَّارِ وَأَصۡحَٰبُ ٱلۡجَنَّةِۚ أَصۡحَٰبُ ٱلۡجَنَّةِ هُمُ ٱلۡفَآئِزُونَ
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
段 :
21
لَوۡ أَنزَلۡنَا هَٰذَا ٱلۡقُرۡءَانَ عَلَىٰ جَبَلٖ لَّرَأَيۡتَهُۥ خَٰشِعٗا مُّتَصَدِّعٗا مِّنۡ خَشۡيَةِ ٱللَّهِۚ وَتِلۡكَ ٱلۡأَمۡثَٰلُ نَضۡرِبُهَا لِلنَّاسِ لَعَلَّهُمۡ يَتَفَكَّرُونَ
যদি আমি এই কোৰআনখনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোঁহেঁতেন তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰোঁ মানুহৰ বাবে যাতে সিহঁতে চিন্তা-গৱেষণা কৰে।
段 :
22
هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۖ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِۖ هُوَ ٱلرَّحۡمَٰنُ ٱلرَّحِيمُ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে পৰিজ্ঞাত; তেওঁ পৰম কৰুণাময় পৰম দয়ালু।
段 :
23
هُوَ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡمَلِكُ ٱلۡقُدُّوسُ ٱلسَّلَٰمُ ٱلۡمُؤۡمِنُ ٱلۡمُهَيۡمِنُ ٱلۡعَزِيزُ ٱلۡجَبَّارُ ٱلۡمُتَكَبِّرُۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يُشۡرِكُونَ
তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।
段 :
24
هُوَ ٱللَّهُ ٱلۡخَٰلِقُ ٱلۡبَارِئُ ٱلۡمُصَوِّرُۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰۚ يُسَبِّحُ لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
আল্লাহেই হৈছে সৃষ্টিকৰ্তা, উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।