段 :
114
قَالَ عِيسَى ٱبۡنُ مَرۡيَمَ ٱللَّهُمَّ رَبَّنَآ أَنزِلۡ عَلَيۡنَا مَآئِدَةٗ مِّنَ ٱلسَّمَآءِ تَكُونُ لَنَا عِيدٗا لِّأَوَّلِنَا وَءَاخِرِنَا وَءَايَةٗ مِّنكَۖ وَٱرۡزُقۡنَا وَأَنتَ خَيۡرُ ٱلرَّٰزِقِينَ
মাৰয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ প্ৰতিপালক! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান (খাদ্য ভৰা পাটী) অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰৱৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।
段 :
115
قَالَ ٱللَّهُ إِنِّي مُنَزِّلُهَا عَلَيۡكُمۡۖ فَمَن يَكۡفُرۡ بَعۡدُ مِنكُمۡ فَإِنِّيٓ أُعَذِّبُهُۥ عَذَابٗا لَّآ أُعَذِّبُهُۥٓ أَحَدٗا مِّنَ ٱلۡعَٰلَمِينَ
আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওপৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফুৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।
段 :
116
وَإِذۡ قَالَ ٱللَّهُ يَٰعِيسَى ٱبۡنَ مَرۡيَمَ ءَأَنتَ قُلۡتَ لِلنَّاسِ ٱتَّخِذُونِي وَأُمِّيَ إِلَٰهَيۡنِ مِن دُونِ ٱللَّهِۖ قَالَ سُبۡحَٰنَكَ مَا يَكُونُ لِيٓ أَنۡ أَقُولَ مَا لَيۡسَ لِي بِحَقٍّۚ إِن كُنتُ قُلۡتُهُۥ فَقَدۡ عَلِمۡتَهُۥۚ تَعۡلَمُ مَا فِي نَفۡسِي وَلَآ أَعۡلَمُ مَا فِي نَفۡسِكَۚ إِنَّكَ أَنتَ عَلَّٰمُ ٱلۡغُيُوبِ
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানাই, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।
段 :
117
مَا قُلۡتُ لَهُمۡ إِلَّا مَآ أَمَرۡتَنِي بِهِۦٓ أَنِ ٱعۡبُدُواْ ٱللَّهَ رَبِّي وَرَبَّكُمۡۚ وَكُنتُ عَلَيۡهِمۡ شَهِيدٗا مَّا دُمۡتُ فِيهِمۡۖ فَلَمَّا تَوَفَّيۡتَنِي كُنتَ أَنتَ ٱلرَّقِيبَ عَلَيۡهِمۡۚ وَأَنتَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ
‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাছিলোঁ, সেইটো আছিল এই যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলোঁ সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলোঁ, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।
段 :
118
إِن تُعَذِّبۡهُمۡ فَإِنَّهُمۡ عِبَادُكَۖ وَإِن تَغۡفِرۡ لَهُمۡ فَإِنَّكَ أَنتَ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় তুমি মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
段 :
119
قَالَ ٱللَّهُ هَٰذَا يَوۡمُ يَنفَعُ ٱلصَّٰدِقِينَ صِدۡقُهُمۡۚ لَهُمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
আল্লাহে ক’ব, ‘এইটোৱে হৈছে সেই দিন, যিদিনা সত্যবাদীসকলৰ সত্যবাদীতাই তেওঁলোকক উপকৃত কৰিব, তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰস্থায়ী হ’ব, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হ’ব আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ’ব, এইটোৱেই হৈছে মহাসফলতা।
段 :
120
لِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا فِيهِنَّۚ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرُۢ
আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।