段 :
62
وَقَالُواْ مَا لَنَا لَا نَرَىٰ رِجَالٗا كُنَّا نَعُدُّهُم مِّنَ ٱلۡأَشۡرَارِ
সিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ সিহঁতক দেখোন (ইয়াত) দেখা পোৱা নাই’।
段 :
63
أَتَّخَذۡنَٰهُمۡ سِخۡرِيًّا أَمۡ زَاغَتۡ عَنۡهُمُ ٱلۡأَبۡصَٰرُ
‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?
段 :
64
إِنَّ ذَٰلِكَ لَحَقّٞ تَخَاصُمُ أَهۡلِ ٱلنَّارِ
জাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ-প্ৰতিবাদ, নিশ্চয় এইটো বাস্তৱ সত্য।
段 :
65
قُلۡ إِنَّمَآ أَنَا۠ مُنذِرٞۖ وَمَا مِنۡ إِلَٰهٍ إِلَّا ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ
কোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
段 :
66
رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلۡعَزِيزُ ٱلۡغَفَّٰرُ
‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।
段 :
67
قُلۡ هُوَ نَبَؤٌاْ عَظِيمٌ
কোৱা, ‘এইটো এটা মহাসংবাদ,
段 :
68
أَنتُمۡ عَنۡهُ مُعۡرِضُونَ
‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।
段 :
69
مَا كَانَ لِيَ مِنۡ عِلۡمِۭ بِٱلۡمَلَإِ ٱلۡأَعۡلَىٰٓ إِذۡ يَخۡتَصِمُونَ
‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) বাদানুবাদ কৰিছিল।
段 :
70
إِن يُوحَىٰٓ إِلَيَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٞ مُّبِينٌ
‘মোলৈ এই অহী আহিছে যে, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন’।
段 :
71
إِذۡ قَالَ رَبُّكَ لِلۡمَلَٰٓئِكَةِ إِنِّي خَٰلِقُۢ بَشَرٗا مِّن طِينٖ
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,
段 :
72
فَإِذَا سَوَّيۡتُهُۥ وَنَفَخۡتُ فِيهِ مِن رُّوحِي فَقَعُواْ لَهُۥ سَٰجِدِينَ
এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,
段 :
73
فَسَجَدَ ٱلۡمَلَٰٓئِكَةُ كُلُّهُمۡ أَجۡمَعُونَ
তেতিয়া ফিৰিস্তাসকলে আটায়ে একেলগে ছাজদাহ কৰিলে,
段 :
74
إِلَّآ إِبۡلِيسَ ٱسۡتَكۡبَرَ وَكَانَ مِنَ ٱلۡكَٰفِرِينَ
কেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।
段 :
75
قَالَ يَٰٓإِبۡلِيسُ مَا مَنَعَكَ أَن تَسۡجُدَ لِمَا خَلَقۡتُ بِيَدَيَّۖ أَسۡتَكۡبَرۡتَ أَمۡ كُنتَ مِنَ ٱلۡعَالِينَ
আল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?
段 :
76
قَالَ أَنَا۠ خَيۡرٞ مِّنۡهُ خَلَقۡتَنِي مِن نَّارٖ وَخَلَقۡتَهُۥ مِن طِينٖ
সি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।
段 :
77
قَالَ فَٱخۡرُجۡ مِنۡهَا فَإِنَّكَ رَجِيمٞ
তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত;
段 :
78
وَإِنَّ عَلَيۡكَ لَعۡنَتِيٓ إِلَىٰ يَوۡمِ ٱلدِّينِ
‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।
段 :
79
قَالَ رَبِّ فَأَنظِرۡنِيٓ إِلَىٰ يَوۡمِ يُبۡعَثُونَ
সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।
段 :
80
قَالَ فَإِنَّكَ مِنَ ٱلۡمُنظَرِينَ
তেওঁ ক’লে, ‘যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ’ল,
段 :
81
إِلَىٰ يَوۡمِ ٱلۡوَقۡتِ ٱلۡمَعۡلُومِ
‘সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত’।
段 :
82
قَالَ فَبِعِزَّتِكَ لَأُغۡوِيَنَّهُمۡ أَجۡمَعِينَ
সি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,
段 :
83
إِلَّا عِبَادَكَ مِنۡهُمُ ٱلۡمُخۡلَصِينَ
‘কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।