段 :
7
وَإِذۡ أَخَذۡنَا مِنَ ٱلنَّبِيِّـۧنَ مِيثَٰقَهُمۡ وَمِنكَ وَمِن نُّوحٖ وَإِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَى ٱبۡنِ مَرۡيَمَۖ وَأَخَذۡنَا مِنۡهُم مِّيثَٰقًا غَلِيظٗا
আৰু স্মৰণ কৰা, যেতিয়া আমি নবীসকলৰ পৰা অংগীকাৰ গ্ৰহণ কৰিছিলোঁ আৰু তোমাৰ পৰাও, লগতে নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মাৰয়ামৰ পৰাও (অংগীকাৰ লৈছিলোঁ)। আমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিছিলোঁ দৃঢ় অংগীকাৰ,
段 :
8
لِّيَسۡـَٔلَ ٱلصَّٰدِقِينَ عَن صِدۡقِهِمۡۚ وَأَعَدَّ لِلۡكَٰفِرِينَ عَذَابًا أَلِيمٗا
সত্যবাদীসকলক তেওঁলোকৰ সত্যবাদিতা সম্পৰ্কে সুধিবলৈ (এই অংগীকাৰ লোৱা হৈছিল), আৰু তেওঁ কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
段 :
9
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱذۡكُرُواْ نِعۡمَةَ ٱللَّهِ عَلَيۡكُمۡ إِذۡ جَآءَتۡكُمۡ جُنُودٞ فَأَرۡسَلۡنَا عَلَيۡهِمۡ رِيحٗا وَجُنُودٗا لَّمۡ تَرَوۡهَاۚ وَكَانَ ٱللَّهُ بِمَا تَعۡمَلُونَ بَصِيرًا
হে মুমিনসকল! তোমালোকে তোমালোকৰ প্ৰতি থকা আল্লাহৰ অনুগ্ৰহসমূহৰ কথা স্মৰণ কৰা, যেতিয়া শত্ৰুবাহিনী তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল, তাৰ পিছত আমি সিহঁতৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিলোঁ ঘূৰ্ণীবতাহ লগতে এনেকুৱা সৈন্যবাহিনী যিবোৰক তোমালোকে দেখা পোৱা নাছিলা। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
段 :
10
إِذۡ جَآءُوكُم مِّن فَوۡقِكُمۡ وَمِنۡ أَسۡفَلَ مِنكُمۡ وَإِذۡ زَاغَتِ ٱلۡأَبۡصَٰرُ وَبَلَغَتِ ٱلۡقُلُوبُ ٱلۡحَنَاجِرَ وَتَظُنُّونَ بِٱللَّهِ ٱلظُّنُونَا۠
যেতিয়া সিহঁতে তোমালোকৰ বিৰুদ্ধে সমাগত হৈছিল তোমালোকৰ ওপৰৰ পৰা আৰু নিম্নফালৰ পৰা; তেতিয়া তোমালোকৰ চকু থৰ লাগিছিল আৰু তোমালোকৰ প্ৰাণবোৰ কণ্ঠাগত হৈ পৰিছিল, আৰু তোমালোকে আল্লাহ সম্পৰ্কে নানাবিধ ধাৰণা পোষণ কৰিছিলা।
段 :
11
هُنَالِكَ ٱبۡتُلِيَ ٱلۡمُؤۡمِنُونَ وَزُلۡزِلُواْ زِلۡزَالٗا شَدِيدٗا
তেতিয়া মুমিনসকলক পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোক ভীষণভাৱে প্ৰকম্পিত (তথা আতংকিত) হৈছিল।
段 :
12
وَإِذۡ يَقُولُ ٱلۡمُنَٰفِقُونَ وَٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ مَّا وَعَدَنَا ٱللَّهُ وَرَسُولُهُۥٓ إِلَّا غُرُورٗا
আৰু স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছিল সিহঁতে কৈছিল, ‘আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাক যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ প্ৰতাৰণাৰ বাহিৰে আন একো নহয়’।
段 :
13
وَإِذۡ قَالَت طَّآئِفَةٞ مِّنۡهُمۡ يَٰٓأَهۡلَ يَثۡرِبَ لَا مُقَامَ لَكُمۡ فَٱرۡجِعُواْۚ وَيَسۡتَـٔۡذِنُ فَرِيقٞ مِّنۡهُمُ ٱلنَّبِيَّ يَقُولُونَ إِنَّ بُيُوتَنَا عَوۡرَةٞ وَمَا هِيَ بِعَوۡرَةٍۖ إِن يُرِيدُونَ إِلَّا فِرَارٗا
আৰু যেতিয়া সিহঁতৰ এটা দলে কৈছিল, ‘হে ইয়াছৰিবৰ অধিবাসীসকল! ইয়াত (ৰাছুলৰ ওচৰত প্ৰতিৰোধ কৰিবলৈ) তোমালোকৰ কোনো স্থান নাই। এতেকে তোমালোকে (ঘৰলৈ) উভতি যোৱা’, আৰু সিহঁতৰ মাজৰ এটা দলে নবীৰ ওচৰত গৈ অব্যাহতি বিচাৰি আবেদন কৰি কৈছিল, ‘আমাৰ ঘৰ-দুৱাৰসমূহ অসুৰক্ষিত (গতিকে আমাক উভতি যাবলৈ অনুমতি দিয়ক)’; অথচ সেইবোৰ অসুৰক্ষিত নাছিল, আচলতে পলাই যোৱাটোহে আছিল সিহঁতৰ মূল উদ্দেশ্য।
段 :
14
وَلَوۡ دُخِلَتۡ عَلَيۡهِم مِّنۡ أَقۡطَارِهَا ثُمَّ سُئِلُواْ ٱلۡفِتۡنَةَ لَأٓتَوۡهَا وَمَا تَلَبَّثُواْ بِهَآ إِلَّا يَسِيرٗا
আৰু যদি বিভিন্ন ফালৰ পৰা সিহঁতৰ বিৰুদ্ধে শত্ৰুসকলে প্ৰৱেশ কৰিলেহেঁতেন, তাৰ পিছত সিহঁতক যদি শ্বিৰ্ক কৰাৰ বাবে আহ্বান জনোৱা হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে সেয়া কৰিলেহেঁতেন, সিহঁতে সেইটো কৰিবলৈ অকণো পলম নকৰিলেহেঁতেন।
段 :
15
وَلَقَدۡ كَانُواْ عَٰهَدُواْ ٱللَّهَ مِن قَبۡلُ لَا يُوَلُّونَ ٱلۡأَدۡبَٰرَۚ وَكَانَ عَهۡدُ ٱللَّهِ مَسۡـُٔولٗا
নিশ্চয় সিহঁতে পূৰ্বেই আল্লাহৰ লগত অংগীকাৰ কৰিছিল যে, সিহঁতে পৃষ্ঠ প্ৰদৰ্শন নকৰিব। (গতিকে জানি থোৱা) আল্লাহৰ লগত কৰা অংগীকাৰ সম্পৰ্কে নিশ্চয় (সিহঁতক) জবাবদিহি কৰা হ’ব।