節 :
1
وَٱلشَّمۡسِ وَضُحَىٰهَا
শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
節 :
2
وَٱلۡقَمَرِ إِذَا تَلَىٰهَا
শপত চন্দ্ৰৰ, যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়,
節 :
3
وَٱلنَّهَارِ إِذَا جَلَّىٰهَا
আৰু দিনৰ শপত, যেতিয়া সূৰ্যক প্ৰকাশ কৰে,
節 :
4
وَٱلَّيۡلِ إِذَا يَغۡشَىٰهَا
ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
節 :
5
وَٱلسَّمَآءِ وَمَا بَنَىٰهَا
শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
節 :
6
وَٱلۡأَرۡضِ وَمَا طَحَىٰهَا
পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
節 :
7
وَنَفۡسٖ وَمَا سَوَّىٰهَا
শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
節 :
8
فَأَلۡهَمَهَا فُجُورَهَا وَتَقۡوَىٰهَا
তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,
節 :
9
قَدۡ أَفۡلَحَ مَن زَكَّىٰهَا
নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
節 :
10
وَقَدۡ خَابَ مَن دَسَّىٰهَا
আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
節 :
11
كَذَّبَتۡ ثَمُودُ بِطَغۡوَىٰهَآ
ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।
節 :
12
إِذِ ٱنۢبَعَثَ أَشۡقَىٰهَا
যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,
節 :
13
فَقَالَ لَهُمۡ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقۡيَٰهَا
তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
節 :
14
فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمۡدَمَ عَلَيۡهِمۡ رَبُّهُم بِذَنۢبِهِمۡ فَسَوَّىٰهَا
কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।
節 :
15
وَلَا يَخَافُ عُقۡبَٰهَا
আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।