節 :
1
سَبِّحِ ٱسۡمَ رَبِّكَ ٱلۡأَعۡلَى
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
節 :
2
ٱلَّذِي خَلَقَ فَسَوَّىٰ
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
節 :
3
وَٱلَّذِي قَدَّرَ فَهَدَىٰ
আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,
節 :
4
وَٱلَّذِيٓ أَخۡرَجَ ٱلۡمَرۡعَىٰ
আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,
節 :
5
فَجَعَلَهُۥ غُثَآءً أَحۡوَىٰ
তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।
節 :
6
سَنُقۡرِئُكَ فَلَا تَنسَىٰٓ
অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
節 :
7
إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ وَمَا يَخۡفَىٰ
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
節 :
8
وَنُيَسِّرُكَ لِلۡيُسۡرَىٰ
আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।
節 :
9
فَذَكِّرۡ إِن نَّفَعَتِ ٱلذِّكۡرَىٰ
এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
節 :
10
سَيَذَّكَّرُ مَن يَخۡشَىٰ
উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
節 :
11
وَيَتَجَنَّبُهَا ٱلۡأَشۡقَى
আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব,
節 :
12
ٱلَّذِي يَصۡلَى ٱلنَّارَ ٱلۡكُبۡرَىٰ
সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
節 :
13
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
節 :
14
قَدۡ أَفۡلَحَ مَن تَزَكَّىٰ
নিশ্চয় সিয়ে সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।
節 :
15
وَذَكَرَ ٱسۡمَ رَبِّهِۦ فَصَلَّىٰ
লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।