節 :
20
أَلَمۡ نَخۡلُقكُّم مِّن مَّآءٖ مَّهِينٖ
আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?
節 :
21
فَجَعَلۡنَٰهُ فِي قَرَارٖ مَّكِينٍ
তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,
節 :
22
إِلَىٰ قَدَرٖ مَّعۡلُومٖ
এটা নিৰ্দিষ্ট সময়লৈকে,
節 :
23
فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَٰدِرُونَ
তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!
節 :
24
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
25
أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا
আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?
節 :
26
أَحۡيَآءٗ وَأَمۡوَٰتٗا
জীৱিত আৰু মৃতসকলৰ বাবে?
節 :
27
وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٖ وَأَسۡقَيۡنَٰكُم مَّآءٗ فُرَاتٗا
আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছোঁ তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
節 :
28
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
29
ٱنطَلِقُوٓاْ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ
(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
節 :
30
ٱنطَلِقُوٓاْ إِلَىٰ ظِلّٖ ذِي ثَلَٰثِ شُعَبٖ
যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,
節 :
31
لَّا ظَلِيلٖ وَلَا يُغۡنِي مِنَ ٱللَّهَبِ
যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,
節 :
32
إِنَّهَا تَرۡمِي بِشَرَرٖ كَٱلۡقَصۡرِ
নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,
節 :
33
كَأَنَّهُۥ جِمَٰلَتٞ صُفۡرٞ
যেনিবা হালধীয়া উটৰ শ্ৰেণী,
節 :
34
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
35
هَٰذَا يَوۡمُ لَا يَنطِقُونَ
এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,
節 :
36
وَلَا يُؤۡذَنُ لَهُمۡ فَيَعۡتَذِرُونَ
আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
節 :
37
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
38
هَٰذَا يَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَٰكُمۡ وَٱلۡأَوَّلِينَ
‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
節 :
39
فَإِن كَانَ لَكُمۡ كَيۡدٞ فَكِيدُونِ
এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
節 :
40
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
41
إِنَّ ٱلۡمُتَّقِينَ فِي ظِلَٰلٖ وَعُيُونٖ
নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,
節 :
42
وَفَوَٰكِهَ مِمَّا يَشۡتَهُونَ
লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
節 :
43
كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ
(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
節 :
44
إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।
節 :
45
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
46
كُلُواْ وَتَمَتَّعُواْ قَلِيلًا إِنَّكُم مُّجۡرِمُونَ
(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
節 :
47
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
48
وَإِذَا قِيلَ لَهُمُ ٱرۡكَعُواْ لَا يَرۡكَعُونَ
যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।
節 :
49
وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ
সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,
節 :
50
فَبِأَيِّ حَدِيثِۭ بَعۡدَهُۥ يُؤۡمِنُونَ
এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব?