節 :
2
تَنزِيلٞ مِّنَ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
(এই গ্ৰন্থখন) পৰম কৰুণাময় পৰম দয়ালু সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।
節 :
3
كِتَٰبٞ فُصِّلَتۡ ءَايَٰتُهُۥ قُرۡءَانًا عَرَبِيّٗا لِّقَوۡمٖ يَعۡلَمُونَ
এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত,
節 :
4
بَشِيرٗا وَنَذِيرٗا فَأَعۡرَضَ أَكۡثَرُهُمۡ فَهُمۡ لَا يَسۡمَعُونَ
সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। গতিকে সিহঁতে নুশুনিব।
節 :
5
وَقَالُواْ قُلُوبُنَا فِيٓ أَكِنَّةٖ مِّمَّا تَدۡعُونَآ إِلَيۡهِ وَفِيٓ ءَاذَانِنَا وَقۡرٞ وَمِنۢ بَيۡنِنَا وَبَيۡنِكَ حِجَابٞ فَٱعۡمَلۡ إِنَّنَا عَٰمِلُونَ
আৰু সিহঁতে কয়, ‘তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা, লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।
節 :
6
قُلۡ إِنَّمَآ أَنَا۠ بَشَرٞ مِّثۡلُكُمۡ يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞ فَٱسۡتَقِيمُوٓاْ إِلَيۡهِ وَٱسۡتَغۡفِرُوهُۗ وَوَيۡلٞ لِّلۡمُشۡرِكِينَ
কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ হৈছে কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। লগতে দুৰ্ভোগ হৈছে মুশ্বৰিকসকলৰ বাবে,
節 :
7
ٱلَّذِينَ لَا يُؤۡتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ
যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।
節 :
8
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونٖ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।
節 :
9
۞ قُلۡ أَئِنَّكُمۡ لَتَكۡفُرُونَ بِٱلَّذِي خَلَقَ ٱلۡأَرۡضَ فِي يَوۡمَيۡنِ وَتَجۡعَلُونَ لَهُۥٓ أَندَادٗاۚ ذَٰلِكَ رَبُّ ٱلۡعَٰلَمِينَ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰা নেকি, যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক!
節 :
10
وَجَعَلَ فِيهَا رَوَٰسِيَ مِن فَوۡقِهَا وَبَٰرَكَ فِيهَا وَقَدَّرَ فِيهَآ أَقۡوَٰتَهَا فِيٓ أَرۡبَعَةِ أَيَّامٖ سَوَآءٗ لِّلسَّآئِلِينَ
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে।
節 :
11
ثُمَّ ٱسۡتَوَىٰٓ إِلَى ٱلسَّمَآءِ وَهِيَ دُخَانٞ فَقَالَ لَهَا وَلِلۡأَرۡضِ ٱئۡتِيَا طَوۡعًا أَوۡ كَرۡهٗا قَالَتَآ أَتَيۡنَا طَآئِعِينَ
তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধূম্ৰপুঞ্জবিশেষ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওক বা অনিচ্ছাতেই হওক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।