節 :
23
وَلَا تَنفَعُ ٱلشَّفَٰعَةُ عِندَهُۥٓ إِلَّا لِمَنۡ أَذِنَ لَهُۥۚ حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمۡ قَالُواْ مَاذَا قَالَ رَبُّكُمۡۖ قَالُواْ ٱلۡحَقَّۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ
আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ’ব, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰিব, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে ক’ব, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।
節 :
24
۞ قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قُلِ ٱللَّهُۖ وَإِنَّآ أَوۡ إِيَّاكُمۡ لَعَلَىٰ هُدًى أَوۡ فِي ضَلَٰلٖ مُّبِينٖ
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। (এইটো সঁচা যে,) আমি নহ’লে তোমালোক (দুয়ো পক্ষৰ যিকোনো এক পক্ষ) নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছোঁ নাইবা স্পষ্ট বিভ্ৰান্তিত আছোঁ’।
節 :
25
قُل لَّا تُسۡـَٔلُونَ عَمَّآ أَجۡرَمۡنَا وَلَا نُسۡـَٔلُ عَمَّا تَعۡمَلُونَ
কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।
節 :
26
قُلۡ يَجۡمَعُ بَيۡنَنَا رَبُّنَا ثُمَّ يَفۡتَحُ بَيۡنَنَا بِٱلۡحَقِّ وَهُوَ ٱلۡفَتَّاحُ ٱلۡعَلِيمُ
কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।
節 :
27
قُلۡ أَرُونِيَ ٱلَّذِينَ أَلۡحَقۡتُم بِهِۦ شُرَكَآءَۖ كَلَّاۚ بَلۡ هُوَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
節 :
28
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةٗ لِّلنَّاسِ بَشِيرٗا وَنَذِيرٗا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।
節 :
29
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?
節 :
30
قُل لَّكُم مِّيعَادُ يَوۡمٖ لَّا تَسۡتَـٔۡخِرُونَ عَنۡهُ سَاعَةٗ وَلَا تَسۡتَقۡدِمُونَ
কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।
節 :
31
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَن نُّؤۡمِنَ بِهَٰذَا ٱلۡقُرۡءَانِ وَلَا بِٱلَّذِي بَيۡنَ يَدَيۡهِۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ مَوۡقُوفُونَ عِندَ رَبِّهِمۡ يَرۡجِعُ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ ٱلۡقَوۡلَ يَقُولُ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ لَوۡلَآ أَنتُمۡ لَكُنَّا مُؤۡمِنِينَ
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, "আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ"। হায়! তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰীবিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হ’লোঁহেঁতেন!’