節 :
1
الٓمٓ
আলিফ-লাম-মীম।
節 :
2
تَنزِيلُ ٱلۡكِتَٰبِ لَا رَيۡبَ فِيهِ مِن رَّبِّ ٱلۡعَٰلَمِينَ
এই কিতাব বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।
節 :
3
أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۚ بَلۡ هُوَ ٱلۡحَقُّ مِن رَّبِّكَ لِتُنذِرَ قَوۡمٗا مَّآ أَتَىٰهُم مِّن نَّذِيرٖ مِّن قَبۡلِكَ لَعَلَّهُمۡ يَهۡتَدُونَ
অথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এখন হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰলৈ তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, সম্ভৱতঃ সিহঁতে হিদায়ত লাভ কৰিব।
節 :
4
ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ مَا لَكُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا شَفِيعٍۚ أَفَلَا تَتَذَكَّرُونَ
আল্লাহেই সেই সত্ত্বা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৱৰ্তী সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
節 :
5
يُدَبِّرُ ٱلۡأَمۡرَ مِنَ ٱلسَّمَآءِ إِلَى ٱلۡأَرۡضِ ثُمَّ يَعۡرُجُ إِلَيۡهِ فِي يَوۡمٖ كَانَ مِقۡدَارُهُۥٓ أَلۡفَ سَنَةٖ مِّمَّا تَعُدُّونَ
তেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সকলো বিষয় তেওঁৰ সমীপতেই উত্থিত হ’ব এনেকুৱা এটা দিনত, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।
節 :
6
ذَٰلِكَ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ ٱلۡعَزِيزُ ٱلرَّحِيمُ
তেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।
節 :
7
ٱلَّذِيٓ أَحۡسَنَ كُلَّ شَيۡءٍ خَلَقَهُۥۖ وَبَدَأَ خَلۡقَ ٱلۡإِنسَٰنِ مِن طِينٖ
যিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক উত্তমৰূপে সৃজন কৰিছে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।
節 :
8
ثُمَّ جَعَلَ نَسۡلَهُۥ مِن سُلَٰلَةٖ مِّن مَّآءٖ مَّهِينٖ
তাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।
節 :
9
ثُمَّ سَوَّىٰهُ وَنَفَخَ فِيهِ مِن رُّوحِهِۦۖ وَجَعَلَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَۚ قَلِيلٗا مَّا تَشۡكُرُونَ
তাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
節 :
10
وَقَالُوٓاْ أَءِذَا ضَلَلۡنَا فِي ٱلۡأَرۡضِ أَءِنَّا لَفِي خَلۡقٖ جَدِيدِۭۚ بَلۡ هُم بِلِقَآءِ رَبِّهِمۡ كَٰفِرُونَ
আৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।
節 :
11
۞ قُلۡ يَتَوَفَّىٰكُم مَّلَكُ ٱلۡمَوۡتِ ٱلَّذِي وُكِّلَ بِكُمۡ ثُمَّ إِلَىٰ رَبِّكُمۡ تُرۡجَعُونَ
কোৱা, ‘মৃত্যুৰ ফিৰিস্তাক তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে, তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।