節 :
23
إِنِّي وَجَدتُّ ٱمۡرَأَةٗ تَمۡلِكُهُمۡ وَأُوتِيَتۡ مِن كُلِّ شَيۡءٖ وَلَهَا عَرۡشٌ عَظِيمٞ
‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।
節 :
24
وَجَدتُّهَا وَقَوۡمَهَا يَسۡجُدُونَ لِلشَّمۡسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ فَصَدَّهُمۡ عَنِ ٱلسَّبِيلِ فَهُمۡ لَا يَهۡتَدُونَ
মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;
節 :
25
أَلَّاۤ يَسۡجُدُواْۤ لِلَّهِ ٱلَّذِي يُخۡرِجُ ٱلۡخَبۡءَ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَيَعۡلَمُ مَا تُخۡفُونَ وَمَا تُعۡلِنُونَ
(চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা।
節 :
26
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ۩
আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ প্ৰতিপালক।
節 :
27
۞ قَالَ سَنَنظُرُ أَصَدَقۡتَ أَمۡ كُنتَ مِنَ ٱلۡكَٰذِبِينَ
ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।
節 :
28
ٱذۡهَب بِّكِتَٰبِي هَٰذَا فَأَلۡقِهۡ إِلَيۡهِمۡ ثُمَّ تَوَلَّ عَنۡهُمۡ فَٱنظُرۡ مَاذَا يَرۡجِعُونَ
‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?
節 :
29
قَالَتۡ يَٰٓأَيُّهَا ٱلۡمَلَؤُاْ إِنِّيٓ أُلۡقِيَ إِلَيَّ كِتَٰبٞ كَرِيمٌ
সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে;
節 :
30
إِنَّهُۥ مِن سُلَيۡمَٰنَ وَإِنَّهُۥ بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
নিশ্চয় এইখন ছুলাইমানৰ তৰফৰ পৰা (প্ৰেৰিত), আৰু (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,
節 :
31
أَلَّا تَعۡلُواْ عَلَيَّ وَأۡتُونِي مُسۡلِمِينَ
‘যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি (মুছলিম হৈ) মোৰ ওচৰলৈ উপস্থিত হোৱা’।
節 :
32
قَالَتۡ يَٰٓأَيُّهَا ٱلۡمَلَؤُاْ أَفۡتُونِي فِيٓ أَمۡرِي مَا كُنتُ قَاطِعَةً أَمۡرًا حَتَّىٰ تَشۡهَدُونِ
ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ’।
節 :
33
قَالُواْ نَحۡنُ أُوْلُواْ قُوَّةٖ وَأُوْلُواْ بَأۡسٖ شَدِيدٖ وَٱلۡأَمۡرُ إِلَيۡكِ فَٱنظُرِي مَاذَا تَأۡمُرِينَ
সিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।
節 :
34
قَالَتۡ إِنَّ ٱلۡمُلُوكَ إِذَا دَخَلُواْ قَرۡيَةً أَفۡسَدُوهَا وَجَعَلُوٓاْ أَعِزَّةَ أَهۡلِهَآ أَذِلَّةٗۚ وَكَذَٰلِكَ يَفۡعَلُونَ
ৰাণীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি;
節 :
35
وَإِنِّي مُرۡسِلَةٌ إِلَيۡهِم بِهَدِيَّةٖ فَنَاظِرَةُۢ بِمَ يَرۡجِعُ ٱلۡمُرۡسَلُونَ
‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।