節 :
1
أَرَءَيۡتَ ٱلَّذِي يُكَذِّبُ بِٱلدِّينِ
তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?
節 :
2
فَذَٰلِكَ ٱلَّذِي يَدُعُّ ٱلۡيَتِيمَ
সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
節 :
3
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ
আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
節 :
4
فَوَيۡلٞ لِّلۡمُصَلِّينَ
এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,
節 :
5
ٱلَّذِينَ هُمۡ عَن صَلَاتِهِمۡ سَاهُونَ
যিসকলে নিজৰ ছালাতত অমনোযোগী,
節 :
6
ٱلَّذِينَ هُمۡ يُرَآءُونَ
যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,
節 :
7
وَيَمۡنَعُونَ ٱلۡمَاعُونَ
আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।