Ayah :
1
إِذَا ٱلشَّمۡسُ كُوِّرَتۡ
সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,
Ayah :
2
وَإِذَا ٱلنُّجُومُ ٱنكَدَرَتۡ
আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,
Ayah :
3
وَإِذَا ٱلۡجِبَالُ سُيِّرَتۡ
পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
Ayah :
4
وَإِذَا ٱلۡعِشَارُ عُطِّلَتۡ
আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,
Ayah :
5
وَإِذَا ٱلۡوُحُوشُ حُشِرَتۡ
আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,
Ayah :
6
وَإِذَا ٱلۡبِحَارُ سُجِّرَتۡ
আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
Ayah :
7
وَإِذَا ٱلنُّفُوسُ زُوِّجَتۡ
আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
Ayah :
8
وَإِذَا ٱلۡمَوۡءُۥدَةُ سُئِلَتۡ
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,
Ayah :
9
بِأَيِّ ذَنۢبٖ قُتِلَتۡ
কি অপৰাধত তাইক হত্যা কৰা হৈছিল?
Ayah :
10
وَإِذَا ٱلصُّحُفُ نُشِرَتۡ
আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,
Ayah :
11
وَإِذَا ٱلسَّمَآءُ كُشِطَتۡ
আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,
Ayah :
12
وَإِذَا ٱلۡجَحِيمُ سُعِّرَتۡ
আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,
Ayah :
13
وَإِذَا ٱلۡجَنَّةُ أُزۡلِفَتۡ
আৰু জান্নাতক যেতিয়া নিকটৱৰ্তী কৰা হ’ব,
Ayah :
14
عَلِمَتۡ نَفۡسٞ مَّآ أَحۡضَرَتۡ
তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
Ayah :
15
فَلَآ أُقۡسِمُ بِٱلۡخُنَّسِ
এতেকে মই শপত কৰিছোঁ আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,
Ayah :
16
ٱلۡجَوَارِ ٱلۡكُنَّسِ
যিবোৰ গতিশীল, অদৃশ্য,
Ayah :
17
وَٱلَّيۡلِ إِذَا عَسۡعَسَ
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
Ayah :
18
وَٱلصُّبۡحِ إِذَا تَنَفَّسَ
আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
Ayah :
19
إِنَّهُۥ لَقَوۡلُ رَسُولٖ كَرِيمٖ
নিশ্চয় এই কোৰআনখন হৈছে সন্মানিত ৰাছুলে লৈ অহা বাণী।
Ayah :
20
ذِي قُوَّةٍ عِندَ ذِي ٱلۡعَرۡشِ مَكِينٖ
যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,
Ayah :
21
مُّطَاعٖ ثَمَّ أَمِينٖ
মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
Ayah :
22
وَمَا صَاحِبُكُم بِمَجۡنُونٖ
আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
Ayah :
23
وَلَقَدۡ رَءَاهُ بِٱلۡأُفُقِ ٱلۡمُبِينِ
আৰু নিশ্চয় তেখেতে (নবীয়ে) তেখেতক (জিব্ৰীলক) স্পষ্ট দিগন্তত দেখিছে,
Ayah :
24
وَمَا هُوَ عَلَى ٱلۡغَيۡبِ بِضَنِينٖ
আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
Ayah :
25
وَمَا هُوَ بِقَوۡلِ شَيۡطَٰنٖ رَّجِيمٖ
আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
Ayah :
26
فَأَيۡنَ تَذۡهَبُونَ
এতেকে তোমালোকে কোনফালে গতি কৰিছা?
Ayah :
27
إِنۡ هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ
এইখন হৈছে বিশ্ববাসীৰ বাবে উপদেশ বাণী,
Ayah :
28
لِمَن شَآءَ مِنكُمۡ أَن يَسۡتَقِيمَ
সেই ব্যক্তিৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
Ayah :
29
وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ رَبُّ ٱلۡعَٰلَمِينَ
তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়ালৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।