Ayah :
20
أَلَمۡ تَرَوۡاْ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَأَسۡبَغَ عَلَيۡكُمۡ نِعَمَهُۥ ظَٰهِرَةٗ وَبَاطِنَةٗۗ وَمِنَ ٱلنَّاسِ مَن يُجَٰدِلُ فِي ٱللَّهِ بِغَيۡرِ عِلۡمٖ وَلَا هُدٗى وَلَا كِتَٰبٖ مُّنِيرٖ
তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহসমূহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান গ্ৰন্থ নোহোৱাকৈ আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।
Ayah :
21
وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُواْ مَآ أَنزَلَ ٱللَّهُ قَالُواْ بَلۡ نَتَّبِعُ مَا وَجَدۡنَا عَلَيۡهِ ءَابَآءَنَآۚ أَوَلَوۡ كَانَ ٱلشَّيۡطَٰنُ يَدۡعُوهُمۡ إِلَىٰ عَذَابِ ٱلسَّعِيرِ
আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক যিটোৰ ওপৰত পাইছোঁ, আমি সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবনে)?
Ayah :
22
۞ وَمَن يُسۡلِمۡ وَجۡهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحۡسِنٞ فَقَدِ ٱسۡتَمۡسَكَ بِٱلۡعُرۡوَةِ ٱلۡوُثۡقَىٰۗ وَإِلَى ٱللَّهِ عَٰقِبَةُ ٱلۡأُمُورِ
আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।
Ayah :
23
وَمَن كَفَرَ فَلَا يَحۡزُنكَ كُفۡرُهُۥٓۚ إِلَيۡنَا مَرۡجِعُهُمۡ فَنُنَبِّئُهُم بِمَا عَمِلُوٓاْۚ إِنَّ ٱللَّهَ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ
আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
Ayah :
24
نُمَتِّعُهُمۡ قَلِيلٗا ثُمَّ نَضۡطَرُّهُمۡ إِلَىٰ عَذَابٍ غَلِيظٖ
আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।
Ayah :
25
وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
Ayah :
26
لِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّ ٱللَّهَ هُوَ ٱلۡغَنِيُّ ٱلۡحَمِيدُ
আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।
Ayah :
27
وَلَوۡ أَنَّمَا فِي ٱلۡأَرۡضِ مِن شَجَرَةٍ أَقۡلَٰمٞ وَٱلۡبَحۡرُ يَمُدُّهُۥ مِنۢ بَعۡدِهِۦ سَبۡعَةُ أَبۡحُرٖ مَّا نَفِدَتۡ كَلِمَٰتُ ٱللَّهِۚ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ
আৰু পৃথিৱীৰ সকলো গছ-গছনি যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোখন সাগৰ যদি চিয়াঁহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Ayah :
28
مَّا خَلۡقُكُمۡ وَلَا بَعۡثُكُمۡ إِلَّا كَنَفۡسٖ وَٰحِدَةٍۚ إِنَّ ٱللَّهَ سَمِيعُۢ بَصِيرٌ
তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান, কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰেই। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।