Ayah :
1
وَٱلۡعَٰدِيَٰتِ ضَبۡحٗا
শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,
Ayah :
2
فَٱلۡمُورِيَٰتِ قَدۡحٗا
যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,
Ayah :
3
فَٱلۡمُغِيرَٰتِ صُبۡحٗا
যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,
Ayah :
4
فَأَثَرۡنَ بِهِۦ نَقۡعٗا
ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;
Ayah :
5
فَوَسَطۡنَ بِهِۦ جَمۡعًا
আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।
Ayah :
6
إِنَّ ٱلۡإِنسَٰنَ لِرَبِّهِۦ لَكَنُودٞ
নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,
Ayah :
7
وَإِنَّهُۥ عَلَىٰ ذَٰلِكَ لَشَهِيدٞ
নিশ্চয় সি এই বিষয়ে সাক্ষী,
Ayah :
8
وَإِنَّهُۥ لِحُبِّ ٱلۡخَيۡرِ لَشَدِيدٌ
আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।
Ayah :
9
۞ أَفَلَا يَعۡلَمُ إِذَا بُعۡثِرَ مَا فِي ٱلۡقُبُورِ
সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,