آية :
1
هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡغَٰشِيَةِ
তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?
آية :
2
وُجُوهٞ يَوۡمَئِذٍ خَٰشِعَةٌ
সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,
آية :
3
عَامِلَةٞ نَّاصِبَةٞ
কৰ্মক্লান্ত, পৰিশ্ৰান্ত,
آية :
4
تَصۡلَىٰ نَارًا حَامِيَةٗ
সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;
آية :
5
تُسۡقَىٰ مِنۡ عَيۡنٍ ءَانِيَةٖ
(সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব;
آية :
6
لَّيۡسَ لَهُمۡ طَعَامٌ إِلَّا مِن ضَرِيعٖ
সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,
آية :
7
لَّا يُسۡمِنُ وَلَا يُغۡنِي مِن جُوعٖ
এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।
آية :
8
وُجُوهٞ يَوۡمَئِذٖ نَّاعِمَةٞ
সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,
آية :
9
لِّسَعۡيِهَا رَاضِيَةٞ
নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,
آية :
10
فِي جَنَّةٍ عَالِيَةٖ
(তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত,
آية :
11
لَّا تَسۡمَعُ فِيهَا لَٰغِيَةٗ
তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,
آية :
12
فِيهَا عَيۡنٞ جَارِيَةٞ
তাত থাকিব প্ৰবাহমান নিজৰা,
آية :
13
فِيهَا سُرُرٞ مَّرۡفُوعَةٞ
তাত থাকিব উন্নত শয্যাসমূহ,
آية :
14
وَأَكۡوَابٞ مَّوۡضُوعَةٞ
আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,
آية :
15
وَنَمَارِقُ مَصۡفُوفَةٞ
আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,
آية :
16
وَزَرَابِيُّ مَبۡثُوثَةٌ
আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,
آية :
17
أَفَلَا يَنظُرُونَ إِلَى ٱلۡإِبِلِ كَيۡفَ خُلِقَتۡ
ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?
آية :
18
وَإِلَى ٱلسَّمَآءِ كَيۡفَ رُفِعَتۡ
আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?
آية :
19
وَإِلَى ٱلۡجِبَالِ كَيۡفَ نُصِبَتۡ
আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?
آية :
20
وَإِلَى ٱلۡأَرۡضِ كَيۡفَ سُطِحَتۡ
আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?
آية :
21
فَذَكِّرۡ إِنَّمَآ أَنتَ مُذَكِّرٞ
এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,
آية :
22
لَّسۡتَ عَلَيۡهِم بِمُصَيۡطِرٍ
তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
آية :
23
إِلَّا مَن تَوَلَّىٰ وَكَفَرَ
কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে,
آية :
24
فَيُعَذِّبُهُ ٱللَّهُ ٱلۡعَذَابَ ٱلۡأَكۡبَرَ
তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।
آية :
25
إِنَّ إِلَيۡنَآ إِيَابَهُمۡ
নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
آية :
26
ثُمَّ إِنَّ عَلَيۡنَا حِسَابَهُم
আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।