آية :
1
وَٱلسَّمَآءِ ذَاتِ ٱلۡبُرُوجِ
শপত বুৰূজবিশিষ্ট আকাশৰ,
آية :
2
وَٱلۡيَوۡمِ ٱلۡمَوۡعُودِ
শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,
آية :
3
وَشَاهِدٖ وَمَشۡهُودٖ
শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
آية :
4
قُتِلَ أَصۡحَٰبُ ٱلۡأُخۡدُودِ
অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
آية :
5
ٱلنَّارِ ذَاتِ ٱلۡوَقُودِ
য’ত আছিল ইন্ধনপূৰ্ণ জুই।
آية :
6
إِذۡ هُمۡ عَلَيۡهَا قُعُودٞ
যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
آية :
7
وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٞ
আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
آية :
8
وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ
আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
آية :
9
ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ
যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
آية :
10
إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ ثُمَّ لَمۡ يَتُوبُواْ فَلَهُمۡ عَذَابُ جَهَنَّمَ وَلَهُمۡ عَذَابُ ٱلۡحَرِيقِ
নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
آية :
11
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ جَنَّٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡكَبِيرُ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।
آية :
12
إِنَّ بَطۡشَ رَبِّكَ لَشَدِيدٌ
নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।
آية :
13
إِنَّهُۥ هُوَ يُبۡدِئُ وَيُعِيدُ
তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
آية :
14
وَهُوَ ٱلۡغَفُورُ ٱلۡوَدُودُ
নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।
آية :
15
ذُو ٱلۡعَرۡشِ ٱلۡمَجِيدُ
আৰছৰ অধিপতি, সন্মানিত।
آية :
16
فَعَّالٞ لِّمَا يُرِيدُ
তেওঁ যি বিচাৰে সেইটোৱে কৰে।
آية :
17
هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡجُنُودِ
তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?
آية :
18
فِرۡعَوۡنَ وَثَمُودَ
ফিৰআউনৰ আৰু ছামূদৰ।
آية :
19
بَلِ ٱلَّذِينَ كَفَرُواْ فِي تَكۡذِيبٖ
তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
آية :
20
وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطُۢ
আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
آية :
21
بَلۡ هُوَ قُرۡءَانٞ مَّجِيدٞ
প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,
آية :
22
فِي لَوۡحٖ مَّحۡفُوظِۭ
সুৰক্ষিত ফলকত লিপিবদ্ধ।